
আৰম্ভণি: বৰ্তমান যুগটো হৈছে এক প্ৰযুক্তিবিদ্যাৰ যুগ। য’ত সকলোধৰণৰ নজনা কথা আমি এই প্ৰযুক্তিবিদ্যাৰ ব্যৱহাৰ কৰি জানিব পাৰো। যেনে ম্মাট ফোন, কম্পিউটাৰ আৰু লেপটপ। আমি কিবা নজনা বিষয় এটা গুগলত সন্ধান কৰি সেই বিষয়ে জানিব পাৰো। আজিকালি ঘৰত থাকিয়ে আমি সকলোধৰণৰ কথাৰ খবৰ ৰাখিব পাৰো। কিয়নো আজিকালিৰ এই ডিজিটেল যুগত সকলোৰে হাতে হাতে ম্মাট ফোন আছে আৰু সেই ম্মাট ফোনৰ সহায়তে আমি নজনা বিষয়বস্তুৰ ক্ষেত্ৰত জ্ঞান লাভ কৰিব পাৰো। আগতে কিবা নজনা কথা জানিবলৈ এজন বিশেষ পঢ়া-শুনা জ্ঞানী ব্যক্তিৰ বাবে অপেক্ষা কৰিব লগা হৈছিল আৰু নহ’লে বিদ্যালয়ৰ শিক্ষকৰ বাবে অপেক্ষা কৰিব লগা হৈছিল। কিন্তু আজিকালিৰ যুগত কিবা নাজানিলে অপেক্ষা কৰাৰ প্ৰয়োজন নহয়। কিয়নো মানুহৰ হাতে হাতে থকা ম্মাট ফোনত ইন্টাৰনেটৰ সহায়ত গুগলৰ ব্যবহাৰ কৰি নজনা বিষয় এটা সেই গুগলত সন্ধান কৰিলে তৎক্ষণাৎ সেই বিষয়ে তথ্য লাভ কৰিব পাৰো।
মূল বিষয়: গুগলত নিজৰ কিছু বিষয়ক লৈ থকা সমস্যাসমূহৰ সমাধান আমি তীব্ৰ গতিত লাভ কৰিব পাৰো। বৰ্তমান সময়ত গুগলে ইমানে প্ৰগতি লাভ কৰিছে যাৰ ফলত ব্যক্তিসকলে নিজৰ স্মাৰ্ট ফোন,লেপটপ আৰু কম্পিউটাৰৰ দ্বাৰা বিভিন্ন কাম ঘৰতে বহি অথবা যিকোনো স্থানৰ পৰা কামসমূহ সমাপন কৰিব পাৰে। এই কামসমূহ মিনিটতে কৰিব পাৰি। গুগলৰ দ্বাৰা বৰ্তমান বক্তিয়ে ঘৰতে বহি নিজৰ বিভিন্ন অনলাইন মাধ্যমৰ দ্বাৰা ব্যৱসায়ৰ আৰম্ভ কৰিব পাৰে। গুগলৰ বিভিন্ন ডিজিটেল মাধ্যম সমূহ ব্যৱহাৰ কৰা ফলত অনলাইন কামসমূহ অতি সহজে সমাপন কৰি পাৰি। গুগলৰ এই পৰ্যায় ডিজিটেল মাধ্যম সমূহ সম্পূৰ্ণ সুৰক্ষিত বুলি গুগলৰ দ্বাৰা প্ৰমাণিত ।
গুগলে আমাক ব্যবসায়ৰ ক্ষেত্ৰত কিছুমান সুবিধা প্ৰদান কৰে। সেই সুবিধাৰে এক গুৰুত্বপূৰ্ণ অংশ বা ভাগ এ হৈছে Google Analytics। ই হৈছে গুগলৰ এটা অংশ যিয়ে আমাৰ গুগলত থকা বিভিন্ন বেৱছাইটসমূহৰ ভিতৰুৱা বিষয়বস্তু সমূহ চালি-জাৰি চোৱাত সহায় কৰে আৰু সেই বেৱছাইটৰ জৰুৰী তথ্যসমূহ আমাক প্ৰদান কৰে। Google Analytics হৈছে গুগলে আগবঢ়োৱা এক বেৱ বিশ্লেষণ সেৱা যিয়ে বেৱছাইটৰ ট্ৰেফিক সমূহক অনুসৰণ আৰু প্ৰতিবেদন কৰে। ই এটা নিৰ্দিষ্ট ৱেবছাইটৰ (website) সৈতে জড়িত গ্ৰাহক ব্যৱহাৰ তথা অন্যান্য আচৰণ সম্পৰ্কে এটা অন্তদৃষ্টি প্ৰদান কৰে। ইয়াৰ জড়িতে Google Analytics এ ব্যৱসায়ী সকলক বা মাৰ্কেটিঙৰ সৈতে জড়িত লোকক এক বিশেষ ছবি বা তথ্যৰ যোগান ধৰে । Google Analytics এ আমাক, যিসকল দৰ্শকে আমাৰ বেৱছাইটটো দৰ্শন কৰিছে সেই বিষয়েও তথ্য আগবঢ়ায় আৰু দৰ্শকসকলে কৰ পৰা আমাৰ বেৱছাইটটো চাইছে, কিমান সময়ৰ বাবে চাইছে, কিমান সময় সেই ছাইট ত আছিলে আৰু কিবা প্ৰতিক্ৰিয়া অংশগ্ৰহণ কৰিছিল নেকি সেই বিষয়েও আমাক অবগত কৰে।
Google Analytics ব্যৱহাৰ কৰি কেনেধৰণে উপকৃত হ’ব তাৰ কিছুমান আভাস:-
১. ৱেবচাইটৰ ট্ৰেফিক আৰু গ্ৰাহকৰ আচৰণ বুজাত।
২. গ্ৰাহক সহজে, সন্তোষজনকভাৱে বেৱছাইটটো ব্যৱহাৰ কৰিব পাৰে আৰু সেই বেৱছাইটটো অধিক সময় জুৰি থাকিবলৈ উৎসাহিত হয়, তাৰ বাবে তথ্য যোগন ধৰে।
৩. গ্ৰাহকলৈ ৰূপান্তৰ আৰু বিক্ৰী বৃদ্ধি।
৪. বিজ্ঞাপনৰ সঠিক মানদণ্ড বা মাপ নিৰ্ণয় কৰা।
৫. তথ্য দ্বাৰা সিদ্ধান্ত লোৱা।
৬. সঠিক বিনিয়োগৰ বিপৰীতে সঠিক ফলাফল লাভ কৰা
সামগ্ৰিকভাৱে, Google Analytics এ ব্যৱসায় আৰু ৱেবছাইটৰ মালিকক সহায় কৰে দৰ্শকক বুজিবলৈ, অনলাইন উপস্থিতি ভাল কৰিবলে, আৰু ব্যৱসায় বৃদ্ধি কৰিবলৈ।
সামৰণি: Google Analytics এ আমাক আমাৰ বেৱছাইটটোৰ গভীৰ অধ্যয়ন কৰাত আৰু নতুন নতুন তথ্য যোগান ধৰাত সহায় কৰে আৰু সেই তথ্য বোৰ ব্যৱহাৰ কৰি আমি আমাৰ বেৱছাইটটোক আৰু অধিক জনপ্ৰিয় কৰি তুলিব পাৰো। Google Analytics এ আমাক আমাৰ বেৱছাইটৰ গতিবিধি কেনেকুৱা তাৰ বিষয়েও অবগত কৰে। যাৰ ফলত আমি বুজিব পাৰো যে আমাৰ বেৱছাইটটো কিদৰে কাৰ্য কৰিছে আৰু কেনেদৰে কাৰ্য কৰিছে আৰু কোনটো ক্ষেত্ৰত পিছপৰি আছে আৰু তাক কেনেকৈ উন্নত কৰিব পাৰি সেই বিষয়ে আমাক ই সহায় কৰে।
Google Analytics হৈছে এটা বিনামূলীয়া টুল যাৰ সহায়ত আপুনি আপোনাৰ ৱেবচাইটত কোনে আহে, কেতিয়া আহে, কেনেকৈ আহে, আৰু কি কৰি থাকে সেয়া জানিব পাৰে।
এই টুলৰ (tool) সহায়ত আপুনি দৰ্শকৰ আচৰণ বুজিব পাৰে, কোন পৃষ্ঠা বহুত চাইছে বা কোনখনত ওলাই গৈছে সেয়া জানিব পাৰে। এই তথ্যসমূহ ব্যৱহাৰ কৰি আপুনি আপোনাৰ ৱেবচাইট আৰু ব্যৱসায় দুয়োটাই উন্নত কৰিব পাৰে।
সৰু পৰ্যায়ত নহয়। Google Analytics-এ সহজ ইণ্টাৰফেচ দিয়ে আৰু ইউটিউব বা ব্লগত বহু সহজ টিউটৰিয়েলো পোৱা যায়। আৰম্ভণিৰ বাবে বেছিভাগ ব্যৱসায়ীয়ে নিজেই ব্যৱহাৰ কৰিব পাৰে।
দৰ্শকৰ সংখ্যা
দৰ্শকৰ অৱস্থান (দেশ, চহৰ)
তেওঁলোকে ব্যৱহাৰ কৰা ডিভাইচ (ম’বাইল, কম্পিউটাৰ)
কোন পৃষ্ঠা চাইছে, কিমান সময় থাকিছে
কোন ঠাইৰ পৰা আহিছে (Google, Facebook, etc.)
https://analytics.google.com লৈ যাওক
আপোনাৰ Google একাউণ্টে লগিন কৰক
নতুন একাউণ্ট খুলক আৰু আপোনাৰ ৱেবচাইটৰ তথ্য দিয়ক
দিয়া Tracking Code আপোনাৰ ৱেবচাইটত সংযোগ কৰক
তাৰ পিছত তথ্য সংগ্ৰহ হব আৰম্ভ কৰে
Business Automation System: How It Connects WhatsApp, Calls, and Follow-Ups Into One Workflow A business…
Web Application for Northeast India Business: How It Streamlines Operations and Reaches More Customers Northeast…
Business Automation Software: How ERP, CRM, and Custom Solutions Solve Industry-Specific Operational Problems Business automation…
How Do I Choose the Right Website Designer in Guwahati for My Startup? Launching a…
Best Website Designers in Guwahati (2026): Compared by Cost, Turnaround & Reviews Guwahati's business scene…
Google Play App Rejected? The Complete 2026 Guide to Every Reason and Fix Most Google…