UJU HOTEL Management Software - UJUDEBUG
Uju Hotel Management Software
May 19, 2017
NorthEastNow iOS Apple App design, development by UJUDEBUG
NORTHEAST NOW – iOS Application Development
May 24, 2018
 

Movietonne

In recent times, as the number of Assamese films produced has increased steadily, a number of relative problems and hurdles have also surfaced. Since quite a few years now, a number of veteran artists of the industry have been toiling hard for a solution to the various problems associated with Assamese Cinema, among which “negligible number of cinema-halls” has come up to be a prominent one. The bare truths of biasness of cinema halls regarding show-timings of Assamese films and accusations of even removing shows of ongoing Assamese films to favour a potential blockbuster can never be neglected. Where everyday a new talent continues to glorify Assamese Cinema in one way or the other, such problems and shortcomings are sure to discourage these rising talents in addition to handicapping the process of industrialisation of Assamese Cinema. Both new and veteran producers and directors fail to collect even the bare minimum as a token of their hard work and dedication primarily due to the fact that Assam has just 67 cinema halls which fail terribly to fulfil the demand of the people. Regional films like Assamese Cinema fail to keep up with the attraction created by the Bollywood and Hollywood films produced by the so-called big corporates which is completely justified. So what is the way out? What are we to do?
MOVIETONNE is an online movie streaming platform where Assamese films would be primarily available at the minimum price. Assamese movies could be displayed, with the help of mobile apps, computers or smart T.V, even at the remotest corners through MOVIETONNE. Most people in the rural or remote areas, in spite of harbouring a deep longing, can’t quite manage to go to a cinema hall (or have to travel a long way in case they manage) and as a result the producers and directors are deprived of their economic contributions as well. Keeping in mind the vast popularity of online movie streaming apps, using their multidimensional utility to display Assamese cinema seems to be the way forward.
Display alone, however, is not our sole objective. Since 1935, the various films which have represented and glorified Assam in front of the world, the films that have been considered as a reflection of the intellectual exercise in Assam or the ones that have been generally sorted out as a must watch for future generations, are also arranged to be preserved through this platform. We call out for your blessings and help in making MOVIETONNE capable enough to take Assamese cinema to the hearts of the people and provide an economic relief to all the associated artists as a recognition of their life long devotion.
 


মুভিটোনৰ বিষয়ে: অতি সম্প্ৰতি অসমীয়া চিনেমা নিৰ্মাণৰ সংখ্যা বৃদ্ধি পাই অহাৰ পৰিপ্ৰেক্ষিতত কেতবোৰ ন ন সমস্যা আমাৰ আগত আহি পৰিছে। যোৱা বহুবছৰ ধৰি বিভিন্ন দিগগজ, কলা কুশলীয়ে অসমীয়া চিনেমাৰ সৈতে জড়িত কেতবোৰ সমস্যাৰ সমাধানসূত্ৰৰ বাবে অহোপুৰুষাৰ্থ কৰি আছে য'ত "তাকৰীয়া সংখ্যাৰ ছবিগৃহ" এটি অন্যতম সমস্যা হিচাপে আমাৰ চেতনাত ধৰা দিছে। ছবিগৃহত অসমীয়া চিনেমা প্ৰদৰ্শনৰ সময়ৰ ক্ষেত্ৰত কৰা পক্ষপাতিত্ব বা অন্য বিগ বাজেটৰ প্ৰতিশ্ৰুতিসম্পন্ন চিনেমাৰ বাবে চলি থকা চিনেমা এখন উঠাই দিয়াৰ অভিযোগ সমূহৰ সত্যতা অস্বীকাৰ কৰিব নোৱাৰি। যত প্ৰত্যেকদিনাই নতুন নতুন প্ৰতিভাৰে অসমীয়া চিনেমাজগত ন ন ৰূপত উদ্ভাসিত হব লাগিছে , তাত এনেধৰণৰ সমস্যাই তেওঁলোকক নিৰুৎসাহ কৰাৰ উপৰিও অসমীয়া চিনেমাৰ উদ্যোগিকৰণৰ প্ৰক্ৰিয়াক বাধা দিব। ন পুৰণি প্ৰযোজক, নিৰ্দেশকে যৎকিঞ্চিত মাননীও চিনেমাৰ পৰা পাবলৈ সক্ষম নহয় কাৰণ ছবিগৃহ অসমত মাত্ৰ ৬৭ টা যিয়ে জনগণৰ চাহিদা পূৰণ কৰিব নোৱাৰে। তথাকথিত বিগ কৰ্পোৰেটৰ দ্বাৰা প্ৰযোজিত বলিউদ হলিউদৰ ছবিয়ে দৰ্শকক যি ভাবে আকৰ্ষণ কৰি থাকে, তেনেস্থলত অসমীয়া চিনেমাৰ নিচিনা আঞ্চলিক ভাষাৰ চিনেমা সেইসমূহ চিনেমাৰ আগত নিজৰ স্থিতি জাহিৰ কৰিবলৈ কিছুদূৰ অপাৰগ হয়, হোৱাতো স্বাভাৱিক। গতিকে উপায় কি? আমাৰ কৰণীয় কি?
মুভিটোন এনে এটা অনলাইন মুভি ষ্ট্ৰীমিং প্লেটফৰ্ম যত ঘাইকৈ অসমীয়া চিনেমাসমূহ অত্যন্ত কম মূল্যত উপলব্ধ হব। মোবাইল এপ বা কম্পিউটাৰ বা স্মাৰ্ট টিভিৰ জৰিয়তে যিকোনো ঠাইত, তেহেলৈ যিমানেই ভিতৰুৱা অঞ্চল নহওক কিয় ,অসমীয়া চিনেমাৰ প্ৰদৰ্শনৰ সুবিধা কৰিব পৰা যাব । গাঁও অঞ্চল বা বহু ভিতৰৰ অঞ্চলৰ মানুহে দুৰ্বাৰ হেঁপাহ থকা সত্বেও ছবিগৃহলৈ যাবৰ সুবিধা কৰিব নোৱাৰে (বা গলেও বহুদূৰ যাবলগীয়া হয়) আৰু তেওঁলোকে দিব খোজা বা দিব পৰা অৰিহণাখিনি প্ৰযোজক বা পৰিচালকে কোনোদিনেই পাবলৈ সক্ষম নহয়। অনলাইন মুভি ষ্ট্ৰীমিং এপ সমূহৰ বৰ্ধিত জনপ্ৰিয়তালৈ লক্ষ্য ৰাখি ইয়াৰ বহুমুখী সদব্যৱহাৰিতাক চিনেমা প্ৰদৰ্শনৰ সহায়ক হোৱাকৈ প্ৰয়োগ কৰাটো বৰ্তমান সময়ত আটাইতকৈ ফলপ্ৰসূ উপায় বুলি বিবেচনা কৰিছোঁ।
কেৱল প্ৰদৰ্শনেই আমাৰ একমাত্ৰ লক্ষ্য নহয়। ১৯৩৫ চনৰ পৰা যিবোৰ অসমীয়া চিনেমাই বিভিন্ন সময়ত অসম আৰু অসমীয়াক বিশ্ববাসীৰ আগত পৰিচয় কৰাই দিছে, যিবোৰ চিনেমা অসমীয়াৰ বৌদ্ধিক কছৰৎৰ অন্যতম চানেকি বুলি ধৰা হয় বা যিবোৰ চিনেমা ভৱিষ্যত প্ৰজন্মই চোৱাটো নিতান্তই দৰকাৰ বুলি সততে বিবেচনা কৰা হয়, সেই আটাইবোৰ চিনেমাৰ সংৰক্ষণ কৰাৰো ব্যৱস্থা কৰিবলৈ আগবাঢ়িছোঁ। মুভিটোনে অসমীয়া চিনেমাক মানুহৰ মাজলৈ নিয়াৰ উপৰিও চিনেমাৰ লগত জড়িত সমূহ শিল্পীক অৰ্থনৈতিক সকাহ দিব বুলি স্থিৰ কৰা লক্ষ্যত উপনীত হবলৈ আপোনালোক আটাইৰে পৰা আশীৰ্বাদ আৰু সহায় সহযোগিতা কামনা কৰিছোঁ।